কৰাল তামসী

 ভৌতিক #গল্প


#কৰাল #তামসী

"মা অথনিৰে পৰা কাৰ লগতনো কথা পাতি আছ অ"? নন্দিতাই মাকক পাকঘৰৰ পৰা চিঞৰি সুধিলে।

"কি হল অ বা?? কি কৈ আছ নো" ? কাষৰ ৰুমৰ পৰা পঢ়ি থকা ভনীয়েক পাখিয়ে বায়েকক সুধিলে।

"একো নাই দে, তই পঢ়ি থাক। সকলো কথাত ইমান কাণ দি থাক যে? পঢ়াত মানে অলপো নিচা নাই ন তোৰ?" ভনীয়েকক ধমক দি টানকৈয়ে কলে নন্দিতাই।

মাক দেউতাক আৰু ভনীয়েকৰ সৈতে নন্দিতাৰ সুখৰ পৰিয়াল। কিন্তু দুদিন মানৰ পৰা মনটো বৰ ভাল নহয় তাইৰ। মাকৰ বাবে মনটো বেয়া। মাকে যেন কিবা লুকাই সিহতক। সিহতৰ পৰা দুৰে দুৰে থাকিব ইচ্ছা কৰে। সিহতক অনাহকত খং কৰে। এই কথাবোৰ পাখি আৰু দেউতাকে মন নকৰিলেও নন্দিতাৰ কিন্ত চকুত পৰিছিল। বি এ ৰ শেষৰটো ছিমেষ্টাৰৰ ছাত্ৰী নন্দিতা। পাখি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ। দেউতাকে অটো চলাই কোনোমতে পৰিয়ালটো পোহপাল দি আছে। মাক দেউতাকৰ আলাসৰ লাড়ু দুইজনী ছোৱালী। কিন্তু কেইদিনমানৰ পৰা হোৱা মাকৰ পৰিবৰ্তনে নন্দিতাক সামান্য চিন্তিত কৰি তুলিছিল।

"হেৰ তোৰ এইবোৰ মনৰ অনাহক চিন্তা অ", বান্ধৱী চিমিয়ে কলে।

"নহয় অ, মই কাকো বুজাব নোৱাৰো, দেউতাকো কব নোৱাৰো, উল্টা মোকেই গালি দিব। কিন্তু মই মোৰ মাক জানো, বুজো। মই চিনি পাওঁ মোৰ মাক। কিন্তু এইগৰাকী মই চিনি পোৱা মা জনী নহয়"। কথাখিনি কৈ কৈ নন্দিতাৰ চকু চলচলীয়া হৈ গল।
নন্দিতাক বান্ধৱী জনীয়ে বহুত কথা বুজালে যদিও এইবোৰ কথা তাইৰ কাণত নোসোমাল। কলেজৰ পৰা আহি মুখ হাত ধুই ভাতৰ পাতত বহিল নন্দিতা। মাকে তেতিয়া নিজৰ ৰুমত শুই আছিল। ভাতৰ পাতৰ পৰাই মাক কত আছে তাই অলপ অনুমান কৰিব চেষ্টা কৰিলে। মাকে আজিও তাই কলেজৰ পৰা অহাৰ পিছত এতিয়ালৈকে তাইক এষাৰ মাত লগোৱা নাই। আগতে তাই নহালৈকে মাকে বাৰান্দাত তাইৰ বাবে অপেক্ষা কৰি আছিল। এইবোৰ ভাবি তাইৰ ভাত খাব আৰু মন নগল। মাকৰ অস্বাভাৱিক পৰিবৰ্তনে তাইৰ মন আৰু মগজুত বেয়াকৈ প্ৰভাৱ পেলাইছিল। হয়তো তাই ভবাৰ দৰে কথাটো ইমান ডাঙৰ নহবও পাৰে, মাকৰ গা মনো কিবা কাৰণত বেয়া হৈ থাকিব পাৰে গতিকে মাকৰ লগত ভালকৈ কথাখিনি আলোচনা নকৰাকৈ ইমানলৈ চিন্তা কৰাটো ভাল হৈছে জানো!! নাই আজি তাই মাকৰ লগত অলপ কথা পাতিব। নিজৰ মৰমী মাকজনীৰ এনে পৰিবৰ্তনে আজি কেইবাদিনৰ পৰা তাইৰ বুকুত শেলে বিন্ধা দি বিন্ধি আছে । বিছনাখনত অলপ দীঘল দি চকুজুৰি মুদি দিলে নন্দিতাই।

মহৰ কুনকুননিত ঘকমককৈ সাৰ পায় উঠিল নন্দিতা। মোবাইলটো চাই দেখে যে ৭ বাজি গল।" ছেহঃ ৰাতিয়েই হল, ইমান সময় শুলোনে মই"?? নিজে নিজকে কৈ উঠিল নন্দিতা। উঠিয়েই মাকৰ ৰুমত গৈ মাকক নেদেখি আকৌ চিন্তাত পৰিল তাই। দেউতাকো তেতিয়ালৈকে ঘৰ আহি পোৱা নাই। অইন দিনাতকৈ সিদিনা তাইৰ পৰিৱেশটো অলপ আচহুৱা যেন লাগিল।

"বা, উঠিলি"? ভনীয়েকৰ মাতত উচপ খায় উঠিল নন্দিতা।

"হেৰ ঘপকৈ কৰ পৰা আহি মাত দিও তই, ভয় খায় গলো পাই"।

"ইমান ভয় নে তোৰ, লেমটো চোন জলায় থোৱায়ে আছে"?? পাখিয়ে কলে।

"সেইবোৰ বাদ দে, মা কত গল অ ভন্টি"? কথাটো সলনি কৰি নন্দিতাই ভনীয়েকক সুধিলে।

"মায়ে অকমান বাহিৰত ওলায় গল। তোক চাহ কৰি খাব কৈছে। আমি খালো"ঁ। পাখিয়ে কৈ ৰুমৰ পৰা ওলায় গল।
নন্দিতাই কাষৰ ৰুম কেইটাত লেম কেইটা জলায় অকমান চাহ কৰি খালে। কিছু সময় ভনীয়েকৰ লগত বিভিন্ন কথা পাতিলে তাই।
"কাৰেন্টো কি হল আজি বা", পাখিয়ে বায়েকক সুধিলে।

"কালি বতাহ বৰষুণ যোৱা বাবে চাগে কৰবাত ভাল কৰিব নোৱাৰিলে গতিকে আজি আৰু কাৰেন্ট অহা আশা বাদেই দে"। কথাখিনি কৈ মনটো সেমেকি গল নন্দিতাৰ।

"অ বা, এনেকুৱাকৈ কাৰেন্টতো নাথাকিলে কিবা ভয় ভয় লাগি থাকে অ, মা জনীয়ো নহা হল চোন"। পাখিয়ে ভয় ভয়কৈ কথাখিনি কলে।

পাখিয়ে কিন্তু মাক ঘুৰি নহা বাবে বৰ এটা বেয়া নাপালে। কোনোবা লগৰ লগত লগ হৈ কথা পতাত যদি ব্যস্ত হৈ আছে ভালেই, কিবা কাৰণত যদি মনটো বেয়াও হৈ আছে মাকৰ তেতিয়া অলপ ভাল লাগিব। কিছু সময় পিছত তাইয়ো পঢ়িব বহিল। ভনীয়েকৰ মেজখনৰ কাষৰ বিচনাখনতে তাই কিতাপখন মেলি ললে।
কিছু সময় পিছত দুইজনীয়ে অনুভৱ কৰিলে যেন সিহতৰ কাষৰ ৰুমটোৰ খিৰিকী আৰু বেৰ খনত কোনোবাই টকটকায় আছে। কেতিয়াবা দেউতাক আহি সোমাল নেকি!! নাই, দেউতাক আহিলে সিহতৰ ৰুমেৰেই আহিব লাগিব। গতিকে দেউতাক যে নহয় সিহতে খাটাং হল।
"অ বা, কিহৰ শব্দ অ? মোৰ হলে ভয় লাগিছে বা। মই মাক মাতি আনো ৰহ"। পাখিয়ে সৰু সৰুকৈ কলে।

"নালাগে ৰহ ভন্টি, এই ৰাতিখন কতনো যাবি তই। নিগনি হব পাৰে, মই চাই আহো ৰহ। তই ভয় নাখাবি"। বায়েকে পাখিক সাহস দি কাষৰ ৰুমটোলৈ আহিল।

ৰুমটোত সোমায়েই নন্দিতাৰ পৰিৱেশটো কিবা এক আচহুৱা যেন লাগিল। কিবা এক অজান আতংকত কপি উঠিল নন্দিতা। তাই অনুমান কৰিলে মাকৰ বিছনাখনৰ কাষৰ খিৰিকী খনত যেন তেতিয়াও কোনোবাই লাহে লাহে টোকৰ মাৰি আছে । খিৰিকী খনৰ বাহিৰত শুকান পাতৰ খেৰখেৰনি নন্দিতাৰ কাণত পৰিল। যেন খিৰিকীৰ সেইপিনে কোনোবা এজন আছে। হয়তো বাপেক নথকা বাবে নিশ্চয় কোনোবাই সুবিধা লব আহিছে। কিন্তু খিৰিকীত টোকৰ মৰাৰ কাৰণটো কি?? এতিয়াহে ভয় লাগিব ধৰিলে নন্দিতাৰ। খিৰিকীৰ পিছৰ মানুহ জন কোন তাইৰ জানিবলৈ বহুত মন গল যদিও খিৰিকী খুলি চোৱাৰ সাহস তাইৰ নাই। কিবা এটা ভাবি ৰুমৰ পৰা বাহিৰলৈ দৌৰ দিব খুজোতেই দুৱাৰ মুখত কাৰোবাৰ লগত খুন্দা খায় পুনৰ চিতিকি পৰিল নন্দিতা।

"কি কৰিছ ছোৱালী ইয়াত তই"?? মাকে ধমকিৰ সুৰত কথাখিনি কলে।

"নহয় মানে মা, খিৰিকীৰ কাষত কোনোবা আছে , শুনা চোন ,কোনোবাই টোকোৰিয়াই আছে"। কপি কপি নন্দিতাই মাকক কলে।

"হেৰ, ফাল্টু কথা বোৰ কিয় কৈছ?? যি তি কৈ ভনীয়েৰক মিছাতে কিয় ভয় খুৱাইছ"? মাকে গালি দি কলে।
আৰু কিহৰ শব্দ? মই চোন একো শব্দ পোৱা নাই। যা এতিয়া ইয়াৰ পৰা"। মাকে পুনৰ কলে।

মাকৰ কথাবোৰ মুঠেই পছন্দ নহল নন্দিতাৰ। আচলতে কি হৈছে মাকৰ। দেউতাকক কব লাগিব তাই কথাখিনি। দেউতাক অহাৰ পিছত দেউতাককো তাইৰ মনৰ খুদুৱনি খিনি কলে কিন্তু তাইৰ কথাত দেউতাকেও বৰ এটা গুৰুত্ব নিদিলে। যি হয় হব বুলি এনেকৈ আৰু দুদিন মান দিন পাৰ কৰিলে তাই। কিন্তু মাকলৈ তাই মনে মনে চকু দি থাকিল। তাই সন্ধিয়া বা ৰাতি মাকক প্ৰায়েই কাৰোবাৰ লগত কথা পাতি থকা দেখা পায়, কিন্তু কোনোবা আহিলে মাকে চুপ হৈ যায়। তাই এই ৰহস্যৰ ভেদ কৰিবয়ে বুলি মনতে ভাবি ললে। কাৰণ মাকক একো ভয়তে কবও নোৱাৰে, দেউতাকেও কৈ থাকিলে বিশ্বাস নকৰে। কিন্তু চকুৰ আগত এইবোৰ দেখি শুনি তাই এনেকৈ আৰু থাকিব নোৱাৰে।
সিদিনা গোটেই দিনটো প্ৰচন্ড বৰষুণ। ৰাতি আৰু বৰষুণৰ প্ৰকোপ বেছি হল। সোনকালে খাই বৈ সিদিনা শোৱাপাটিত পৰিল নন্দিতা হত। ভনীয়েক দেউতাক আৰু নন্দিতা এটা ৰুমতে থাকিল আৰু মাক নিজৰ ৰুমত। আজিকালি মাকে কাকো লগত নাৰাখে। কিবা হেনো অসুবিধা হয়। মাজ ৰাতি সাৰ পায় নন্দিতা উচপ খায় উঠিল। তেতিয়া অলপ বৰষুণৰ পৰিমাণ কমিছিল। মাকৰ ৰুমত যেন কোনোবাই দাত কৰচি আছে। ভালকৈ কাণ পাতি শুনিলত কোনোবাই মাকৰ ৰুমত কথা পাতি থকা যেন পালে। এই ৰাতি মাকে কাৰ লগত কথা পাতিছে? আজি যেন তাই ৰহস্যৰ শেষ কৰিহে এৰিব। তাই বিছনাৰ পৰা লাহেকৈ উঠি গৈ দেউতাকক মাতিলে।
"কি হল অ নন্দিতা"? দেউতাকে ভয় খায় উঠিল হঠাৎ জীয়েকৰ মাতত।

"দেউতা, মই কৈ থাকিলে তই বিশ্বাস নকৰ নহয়, এতিয়া ভালকৈ শুন। মায়ে ৰুমত কাৰোবাৰ লগত কথা পাতি আছে"। নন্দিতা ভয় ভয়কৈ কথাখিনি কলে।

দেউতাকো এইবাৰ আচৰিত হল। সচাকৈ এই ৰাতি মাকে কাৰোবাৰ লগত কথা পাতি আছে। দুইজনীয়ে দৌৰাদৌৰিকৈ মাকৰ ৰুমলৈ আহিল। সিহতক দেখি মাক আচৰিত হৈ গল। মাকে যেন কল্পনাই কৰা নাছিল এই ৰাতি সিহত মাকৰ ৰুমত আহিব বুলি।

"সচা কথা কোৱা অশ্ৰু, খিৰিকী খুলি এই ৰাতি কাৰ লগত কথা পাতি আছা?? কোন আছে সেইপিনে এই ৰাতি? কাৰ লগত তোমাৰ আমাক লুকুৱাই এই ৰহস্যময়ী সম্পৰ্ক"? উত্তৰ দিয়া। গৰজি উঠিল নন্দিতাৰ দেউতাক।

"হেৰি, কাৰ লগতনো কথা পতা দেখিলে আপুনি? মই হঠাৎ সাৰ পায় দেখো যে কাষৰ খিৰিকীখন খোলা আছে, ইপিনে বাহিৰত বৰষুণ| মানে ডাঙৰ ছোৱালীজনীয়ে সন্ধিয়া ভালকৈ খিৰিকীখন নামাৰিলে, তাৰ বাবে তাইক গালি দি দি খিৰিকীখন মাৰিব লওতেই আপোনালোক আহি পালে "| সাধাৰণ ভাৱে কথাখিনি মাকে কলে|

দেউতাকৰ উল্টায় নন্দিতালৈ খং উঠি তাইক বকি বকি পুনৰ ৰুমত আহি শুই থাকিল| তায়ো দেউতাকৰ পিছে পিছে আহি ৰুমত সোমায় শুলে| তেতিয়াও কিন্তু মাকৰ ৰুমৰ পৰা দাত কৰচা শব্দ এটা তাইৰ কাণত পৰি থাকিল|কাণখনত হেচি ধৰি শুব চেষ্টা কৰিলে নন্দিতাই|

দিনবোৰ তেনেকৈ পাৰ হৈ থাকিল| মাকৰ কামবোৰ নন্দিতাৰ আজিকালি ভয় লগা হৈছে| কিবা এটা কলেই মাকে নন্দিতালৈ হাত ডাঙি খেদি আহে| অনাহকত গালি পাৰি থাকে| কিন্তু পাখিক তেনে কেতিয়াও নকৰে| হয়তো তাই ডাঙৰ হোৱা বাবে তাইৰ প্ৰতি মাকৰ মৰম বোৰ লাহে লাহে কমি গল| কেতিয়াবা তাই হুকহুকায় কান্দে| কিন্তু কথাবোৰ কাকো নকয়| মাকে কাৰোবাৰ লগত কথা পতাটোও তাই প্ৰায়ে শুনা পায়, কিম্তু কৈ একো লাভ নাই বাবে কাকো নকয় নন্দিতাই| মাকে অবৈধভাৱে যে দেউতাকক লুকুৱাই সম্পৰ্ক এটা চলাই আছে তাইৰ আৰু জানিবৰ বাকী নাই| শেষ কি এইটো কথাৰ তাই তাকো নাজানে| ভিতৰি ভিতৰি তাই যেন ভাঙি পৰিছে|

সিদিনা দেউতাকে সোনকালে অটো চলায় আহি পাইছিল| আহি বিচনাত অলপ চিত হৈছিল| নন্দিতাই মাকৰ বাবে চাহ অলপ কৰি ৰুমত দিব গৈছিল| মাকে তেতিয়াও কাৰোবাৰ লগত কথা পতাত ব‍্যস্ত, খিৰিকীৰ সেইপিনে যেন কোনোবা এজন আছে| নন্দিতাই মাকক নমতাকৈয়ে খিৰিকীৰ সেইপিনে কোন আছে চাম বুলি মনে মনে টৰ্চটো লৈ কাকো নোকেৱাকৈ বাহিৰলৈ ওলায় মাকৰ খিৰিকীখনৰ কাষলৈ যাব ধৰিলে| তাই অনুমান কৰিলে কোনোবা এটা যেন তাই অহা বাবে গছৰ ওপৰত বগায় গৈছে| খিৰিকীখনৰ কাষত টৰ্চটো মাৰি দিয়াত কাকো নেদেখিলে তাই| কোনেবা যেন কাষৰ গছজোপাৰ ওপৰত আছে| তাই অহা উমান পায় কোনোবা গছজোপাত উঠিছে| গছজোপা লৰচৰ হৈ সৰু সৰু পাতবোৰ সিহতৰ টিংৰ ওপৰত পৰিল| এক অজান আতংকত পুনৰ কপি উঠিল তাই| এতিয়াই যদি তাইক কোনোবাই অাক্ৰমন কৰে!!



"দেউতা বেগতে বাহিৰলৈ দৌৰি আহ", দেউতাকক তাৰ পৰাই চিঞৰি মাতিলে নন্দিতাই|

তাইৰ চিঞৰত দেউতাক বাহিৰলৈ ওলায় আহিল|

"দেউতা মাৰ লগত কথা পতা মানুহজন গছৰ ওপৰত আছে, মই দেখিছো"| আতংকিত হৈ কলে নন্দিতাই|

কি কৈ আছ তই এইবোৰ, দেউতাকৰ কথাখিনি কোৱা শেষ নোহোৱাতে পুনৰ গছ ডাল কোনোবাই জোকাৰি দিলে| লগে লগে দেউতাক গছডালৰ তললৈ দৌৰি গৈ গছৰ ওপৰলৈ পোহৰ মাৰি দিলে| এনেতে ওপৰৰ পৰা কলা মেকুৰী এটা জাপ মাৰি নন্দিতাৰ গাত পৰিল| তাই আহ বুলি চিঞৰ দি মেকুৰীটো গাৰ পৰা দলিয়াই পুনৰ ভিতৰলৈ দৌৰি গল|

ছেহ, মেকুৰীহে আছিল || এনেই হুলুষ্হুল খন লগালে এইজনীয়ে| নিজৰ মুখৰ ভিতৰতে ভোৰভোৰাই দেউতাকো ঘৰৰ ভিতৰলৈ আহিল|

মা, চাহ| মাকক চাহ কাপ দিয়ে মাকৰ ৰুমৰ পৰা আহিব ওলাল নন্দিতা| আজিকালি মাকৰ ৰুমত সোমাব নন্দিতাৰ কিবা এটা ভয় ভয় লাগে|

"দেউতাৰক লৈ বাহিৰত কিহৰ হুলুস্হুুল খন কৰি আছিলি অ "??মাকে অলপ খঙতেই সুধিলে|

" মা, তোমাক এটা কথা সুধো, বেয়া নাপাবা"| নন্দিতায়ো স্পষ্টভাবে কলে|

কি কথা, ক?

"মা , তুমি কাৰ লগত এনেকৈ কথা পাতি থাকা? মা, মিছা নামাতিবা, মই নিজ কাণেৰে শুনিছো, কি হৈছে মা এইবোৰ"? বিৰক্তি ভাৱে কলে নন্দিতাই|

"তহতে মোক পাগলহে কৰিবি, কাৰ লগত কথা পতা দেখিলি তই, কাৰ লগত কথা পাতিম মই!! তই নিজৰ মাৰক পুলিচগিৰি কৰিব আহিছ? তোৰ লাজ নালাগে"?? খঙতে চিঞৰি চিঞৰি কান্দি দিলে মাকে|
মাকৰ কান্দোনত কাষৰ ৰুমৰ পৰা দেউতাক দৌৰি আহিল|
"হেৰা ,চোৱা তোমাৰ ছোৱালীয়ে আজি মোক প্ৰশ্ন কৰিব পৰা হল| নাথাকো আৰু মই জীয়াই"| মাকে আৰু ডাঙৰকৈ কান্দিব ধৰিলে|

"মা, এনেকুৱা খন কিয়নো কৰিছা, কিয় এনেকৈ কৈছা তুমি "? মই তোমাক মাথো কথাটোহে সুধিছো| নন্দিতায়ো কান্দি দিলে|

"হেৰ ,তহতৰ অদৰকাৰী কথাত কান্দোন বোৰ বন্ধ কৰ চোন| মই এটা কথা কব পাহৰিয়ে আছো তহতক"| দেউতাকে মাক জীয়েকৰ কথাত গুৰুত্ব নিদি কথাটো সলনি কৰি কলে|

"কি কথা , তুমিও এতিয়া মোকেই সন্দেহ কৰিবা চাগে, মোক মাৰি নিয়া ভগবান"| মাকে পুনৰ কান্দিব ধৰিলে|

"হেৰ, কিয় নো এনেকৈ মৰিব ধৰিছ? আগতে কথাটো শুনি ল চোন| মই কব খুজিছো আমাৰ সিটো মুৰৰ কমলে বোলে ১৫ দিন আগত আত্মহত‍্যা কৰিছে| কিয় জানো তেনে কৰিলে| বৰ অমায়িক আছিল মানুহজন"!!! দেউতাকে দুখমনেৰে কথাখিনি কলে|

"কি!!!!!!" মাকে এনেকৈ চিঞৰি উঠিল যেন কোনোবা ঘৰৰ মানুহৰে খবৰটো পালে |

মাকৰ প্ৰতিক্ৰিয়াত দেউতাক জীয়েক দুয়ো আচৰিত হল| দেউতাকৰ মাকক দেখি অলপ হাহিয়ো উঠিল| নন্দিতাই কিন্তু কথাটো সহজভাৱে নললে| মাক যেন কিবা মানসিক বেমাৰৰ চিকাৰ হৈছে তেনেকুৱা অনুভৱ হল তাইৰ|

আত্মহত‍্যাৰ খবৰটো পোৱাৰ দিনৰ পৰা মাক যেন ভাঙি পৰিছে| নিজে বলিয়াৰ দৰে যি তি কৰি থকা হল| দেউতাকৰো কথাটো দৃষ্টিগোচৰ হল যদিও মুখেৰে একো নকলে|তেনেকৈ দুদিন মান পাৰ হল| এদিন সন্ধিয়ালৈ দেউতাক আহি নোপোৱাত মাকে নন্দিতাক মাতি কলে|

"নন্দিতা, তৰুণৰ দোকানৰ পৰা তিনিযোৰ মান কণী লৈ আহ চোন, মই ভাত কেইটা বহায় দিও আৰু আলু ভাজো|"

"কিন্তু মা, ইমান সোনকাল আজি কিয় ভাত ৰান্ধিবা? গা বেয়া নেকি তোমাৰ"?নন্দিতা আচৰিত হল|

"নহয় অ, কথাই প্ৰতি তোৰ এনেকুৱা কথা কিয়, মই আজি সোনকাল ভাত বনায় কাষৰে কল্পনা খুৰীহতৰ ঘৰত যাম| বায়ে মাতিছে মোক কিবা কথাৰ বাবে| তই যা সোনকাল| ভনীয়েৰকো লৈ যা"। মাকে পুনৰ কলে|

দুয়ো ভনীয়েক মাকৰ কথা শুনি দোকানলৈ গল| ঘুৰি আহোতে সিহতৰ আধা ঘন্টা মানেই লাগিল| ঘৰ আহি মাকক নেদেখি আচৰিত হল দুয়ো ভনীয়েক| দৰ্জাও মেল খায় আছে| কাষৰ মানুহঘৰৰ তাতো ভনীয়েকক পঠালে| নাই মাক নাই| এনেতে পাকঘৰৰ কাষতে লাগি থকা ভৰাল ঘৰটোত ধুমুহকৈ হোৱা এটা শব্দত দুয়োজনী ছোৱালী দৌৰি গল| তাৰ পিছৰ দৃশ‍্য দেখি তাতেই সৰু ছোৱালী পাখি বাগৰি পৰিল| নন্দিতাই খালী মুখ খন মেলি টহটহকৈ চাই থাকিল|চিঞৰিব পৰা শক্তিকনো যেন হেৰুৱাই পেলালে তাই| ভৰাল ঘৰটোৰ চিলিং ফেনখনত নতুনকৈ কইনা হৈ সাজি কাচি অলংকাৰ পিন্ধি ওলমি আছে মাক| আৰু চকু দুটা ডাঙৰকৈ মেল খায় মুখখনো মেলি আছে মাকে| দেখিলে গম পায় অলপ আগতেহে মাকৰ মৃত‍্যু হৈছে| কি কৰিলে , কিয় কৰিলে মাকে তেনেকুৱা তাকে ভাবি ভাবি নন্দিতায়ো বাগৰি পৰিল |

মাকৰ ঘটনাটোৰ কিছুদিন পিছত কিছুমান কথায় গোটেই পৰিয়ালটোকে ৰহস‍্যৰ মাজলৈ ঠেলি দিলে| ছোৱালী দুজনীয়ে তেতিয়াও মাকৰ মৃত‍্যুটোক সহজভাৱে লব পৰা নাছিল| দেউতাকে কিছুদিন পিছত গম পালে অলপ দিন আগত আত্মহত‍্যা কৰা কমলৰ হেনো মাকৰ লগত কিবা সম্পৰ্ক আছিল| সি মৃতু‍্যৰ সময়ত মাকৰ লগত মৰি হলেও এক হব বুলি লিখি থৈ গৈছিল| এইবোৰ কথায় এক অজান ৰহস‍্যলৈ ঠেলি দিলে নন্দিতাৰ পৰিয়ালটোক| কিছুমান নজনা কথা যিবোৰ সিহতৰ পৰিয়ালৰ পৰা আজি অতোদিনে মাকে লুকাই ৰাখিছিল তাকে ভাবি মনত বহুত বেজাৰো পাইছিল সিহতে| সৰু ছোৱালী পাখিয়ে মাকৰ মৃত্যুৰ পিছদিনা দেউতাকক কান্দি কান্দি কৈছিল.. দেউতা, সিদিনা মায়ে মই কৈ থকা শুনিছিলো| মায়ে কৈছিল.. হব যোৱা, মই কইনা হৈ সাজি কাচি থাকিম তুমি মোক লৈ যাবা| কালি ৰাতি ৮ টা বজাত যাম| আৰু সঁচাকৈ সিদিনা মাকে ৮ টা বজাত কামটো কৰিছিল| গতিকে অত দিনে মাকে কথা পাতি থকা জন কমলে আছিল নেকি!!মৃত্যুৰ পিচত কমলেই আহি আছিল নেকি মাকৰ কাষত!!হবও পাৰে, কাৰণ মাকে কাৰ লগত কথা পাতি আছিল সেইটো চেষ্টা কৰিও উলিয়াব নোৱাৰিলে সিহঁতে। মাকে কথা পাতি থকাজন যে মানুহ নহয় সিহতে জানিছিল| কাৰণ কাৰোবাৰ দাতৰ সেই ভয় লগা শব্দ বোৰ কোনো মানুহৰ হব নোৱাৰে| কমলৰ বাবেই মাকে কইনা হৈ আত্মহত‍্যা কৰিলে নেকি!! ভালকৈ চালি জাৰি চালে কমলৰ মৃত্যুৰ পিছতে এনেকুৱা কাৰোবাৰ লগত কথা পতা হৈছিল মাকে| কথাখিনি চালে এটা অলৌকিক কান্ড যেনে লাগে| কিন্ত সিহত আজিও ৰহস‍্যত সোমায় থাকিল| গোটেই ৰহস‍্য খিনি মাকে লগত লৈ গল| হয়তো মাকে মানসিক বেমাৰৰো চিকাৰ হব পাৰে, বা গোটেই ঘটনাখিনি কাকতালীয় সংযোগো হব পাৰে| কিন্তু মাকৰ মৃত্যুৰ আগত কেইদিনমান সিহঁতৰ ঘৰত হোৱা আচৰিত অলৌকিক ঘটনাবোৰে সিহতক ভাবিব আৰু কব বাধ‍্য কৰায় যে সেই ৰাতি কেইটা সিহঁতৰ বাবে সচাঁই আছিল "কৰাল তামসী"|

(সমাপ্ত)

Thanks for reading, As Always,
ANKURJIT KALITA





Comments

Please comment