Funny Assamese Story 1
STORY NO 1:-
দত্তৰ বিয়াৰ কাহিনীটো আপোনালোকক নোকোৱাকৈ থাকিব নোৱাৰিলোঁ ৷
বহু জল্পনা কল্পনাৰ পিছত দত্তই সিদ্ধান্ত ললে যে অতি হিচাবি আৰু কৰাইচ ছোৱালী আনিলেহে এইটো যুগত চলিব পৰা যাব ৷ গতিকে সকলোকে কৃপণ ছোৱালী এজনী বিচাৰিবলৈ লগাই দিয়া হ’ল আৰু এদিন শইকীয়ানীয়ে শুভবাৰ্তাটো আনিলে ৷
এজনী অতি কৰাইচ ছোৱালী পোৱা গৈছে এখন গাৱঁত ৷ দত্তক লগত লৈ শইকীয়া দম্পত্তি ওলালগৈ মানুহঘৰত ৷
ড্ৰয়িং ৰুমত সোমায়েই দত্তৰ অন্তৰ খুচ ৷ পিৰা ৫ খনৰ বাদে একোৱেই নাই ৷ অলপ পিছত কইনা আহিল হাতত চাহ লৈ ৷ এইয়া কি - ভীমকল এটা তিনি ডোখৰ কৰি দিছপ’জেবল গ্লাছত ৰঙা চাহ !
দত্তই মনে মনে ভাবিলে - শইকীয়ানীয়ে এক্কেবাৰে সঠিক জেগাত আনিছে ৷
চাহৰ পৰ্বৰ পিছত এইবাৰ ভাত খোৱাৰ নিমন্ত্ৰন আহিল ৷
সকলোৱে হাত চাত ধুই ৰেদি - ভাত আহিল ৷ কাষতে দালিৰ নামত কেৱল পানী ৷ দত্তই পানীৰ লগত তিনিটামান দালি ধালি অনা বাতিটোৰ ফালে চাই ৰ’ল ৷ কইনাৰ মাকে মাত লগালে - বোপাই খোৱা দেই ৷ দাইলৰ যিহে দাম ৷ এনেকৈয়ে আৰু ৷
দত্তও কম নহয় - মইতো কেতিয়াবা এটা জলকীয়া দিয়েই ভাত খাই দিওঁ ৷ বজাৰত চব্জিৰ যিহে জুই চাই দাম ৷
জলকীয়াৰ কথা ওলোৱাৰ লগে লগে ছোৱালীৰ মাকে কলে - আইজনী পাকঘৰত কালি বাৰীৰ পৰা আনি থোৱা জলকীয়া তিনিটা আছে তাৰে এটা তিনিফাল কৰি লৈ আহ ৷ কথা মতেই কাম ৷
কইনা গ’ল জলকীয়া ফালিবলৈ, কিন্তু বহু সময় ধৰি ওলাই নহাত মাকে মাত লগালে - কি হ’ল ঔ আইজনী ?
আইজনীয়ে লাজ লাজকৈ ওলাই আহিল - মানে জলকীয়াটো ফালোতে জলকীয়াৰ গুটি তিনিটা তলত পৰিলে ৷ দুটা পালো ৷ আনটো বিচাৰি আছিলোঁ ৷
দত্তই লগে লগে বিয়াৰ তাৰিখ ফিক্স কৰি থৈ গুচি আহিল !!
Comments