দীঘল গাৰু

3 মাহ মান আগৰ কথা বন্ধ বন্ধ বুলি সেইকেইদিন টিভিত বহুত ভাল ভাল ন- পুৰণি কিবা কিবি দি আছিল,,,,যেনে ৰামায়ণ, মহাভাৰত ,কৃষ্ণ,,

প্রথম কেইদিন আমিও চোৱা আৰম্ভ দিছিলো ,,,, পিচে লৰাৰ পৰা চোৱাত শান্তি নাই,,,, 😢এইটো কি ?সেইটো কি,?,, এইটো কিয় হল!,, তাক কিয় মাৰিলে,, ?এইজন ভালনে বেয়া,,, ?এইবোৰ কি খাইছে,,, !মইও খাম,, ইত্যাদি ইত্যাদি,,,,, এইবোৰ কাৰণতে মোৰ মহাভাৰতৰ আধা চোৱাই নহল,,

সেইদিনায়ে মই মহাভাৰত চোৱা বাদ দিলো,, যিদিনা কুৰুক্ষেত্ৰৰ ৰণত ৰাৱণ কোনখন ৰথত আছে সেইটো দেখাই দিব বাবে লৰাই ঠেহ পাতিছিল,,, 😇 বাৰে বাৰে নাই বুলি কোৱা সত্ত্বেও কান্দিয়ে থাকিল,,, অলপ আগতে হেনো সি দেখি উঠিছে ৰাৱণক,,,,এতিয়া কত গল,,, এবাৰ অৰ্জুনক দেখাই কলো এইটো ৰাৱণ,, নাই বিশ্বাস নহয় কাৰণ ৰাৱণৰ ডাঢ়ি গজা আছিল হেনো,,,, মই কলোঁ ৰামায়ণ কৰি উঠাৰ পিছত ৰাৱণে ডাঢ়ি খুৰাই দিলে,,,,😁 এইবাৰ কান্দি ৰজা হল,,, তাৰ কথাত বোলে আমাৰ গুৰুত্ব নাই,,বুজায় নিদিয়ে কোনেও,,, আৰু যে কত কি ঠেহ, ,,, এবাৰ ভাবি চিন্তি ডাঢ়ি থকা দ্ৰোণাচার্যক দেখাই দিলো ৰাৱণ বুলি,,, ভালকৈ চাই কলে এইটো ভীম হতৰ স্কুলৰ ছাৰহে আছিল।।😃৷ এইবাৰ কান্দোন আৰু এখোপ চৰা,,,, মুঠতে আছল ৰাবণক লাগে,,,,🤔, এইবাৰ ভীষ্মকে ৰাৱণ সজাই দিয়াত দোধোৰ মোধোৰকৈ বিশ্বাস কৰিলে যদিও কেঁচা ডাঢ়ি কেনেকৈ পকিল সেইটো প্ৰশ্ন উত্থাপন হল,,,, এইবাৰ মৰমেৰে বুজালো এইবোৰ লগাই লোৱা ডাঢ়ি বাবা,,,, গতিকে ৰামায়ণত থাকোঁতে কলা লগাইছিলে ইয়াত সকলোৱে বগা লগোৱা দেখি ৰাৱণেও বগা লগালে,,,, ইমানলে ঠিকে আছিল ইয়াৰ পিছৰ প্ৰশ্নবোৰ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব ধৰিলে,,,, এইবাৰ বোলে ,,,,ও মা ডাঢ়ি কেনেকৈ বনাই,,,,,,, মই মেটেকা আৰু মৰাপাটৰ নাম ললোঁ যদিও তাৰ ভাৱনাৰ লগত অমিল হল,,, সেয়ে ভাবি ভাবি নিজে আৱিস্কাৰ কৰিলে,,, ডাঢ়িবোৰ হেনো ঊণ সূতাৰে বনাই লৈছে,,,, মই কলোঁ ,,,,,,হহহমমম বাবা তুমি পাৰিছা,,good boy 😘.

পিছে ইমানতে প্ৰশ্নৰ ইতি পৰা নাছিল,, ,,,,,এইবাৰ ডাঢ়িবোৰ কি আঠা লগাইছিল ও মা বুলি নতুন অধ্যায়ৰ পাতনি মেলিলে,,,, বুজিলো এইবাৰো যে প্রশংগ সংগতি লগত ৰাখিয়ে বাখ্যা আৰম্ভ কৰিব লাগিব,,, 😒😒নহলে কান্দোন আৰম্ভ,,,,,,,বেলেগ সময়ত বেলেগ কথা কিন্তু ইমান মনোযোগ দি কিবা এটা চাই থকাৰ সময়ত এইবোৰ,,,,,,,,, মই আৰু অলপ সময় থাকিলে,, লৰাৰ পিঠিত ৰাম থাপ্পৰ পৰাটো নিশ্চিত বুলি ভাবি,,, বাকীবোৰ পাপাই কব দিয়া বুলি তাৰ পৰা যি উঠিলো,,,, আজিলৈ আৰু টিভিৰ সন্মুখত মুখামুখিকৈ বহা হোৱা নাই।।।।
তাৰ পিছদিনা ভাবিলোঁ মোবাইলত দৈনিক চিনেমা এখনকৈয়ে চোৱাৰ আৰম্ভ কৰি দিওঁ ,,,, ভবামতেই দুপৰীয়া আহাৰ খোৱাৰ পাছত নানান প্ৰশ্নৰ সম্ভাৰৰ মাজেৰে কেইদিনমানৰ পৰা নিয়মিত ভাৱে চায় আহিছোঁ,,, ,,,, দুদিন মান আগত এখন চিনেমাত তাৰ চকু পৰিল এটা দীঘল গাৰু,,,,, প্রথম অৱস্থা দেউতাকক সুধিলে এইটো গাৰুত কেইজনমান শুবলৈ পাৰে পাপা ,,,, তেওঁ কলে 4/5টা পাৰে,,,,তাৰ মনত খেলালে আমাৰ এটা আনিলে এটা গাৰুৰে মা, মোৰ, তোমাৰ হল হয় ,,, এইবাৰ লগা হল তাৰ সমান দীঘল গাৰু ,,,,দেউতাকে কলে এইবোৰ ধনী মানুহৰ ঘৰত থাকে,, বহুত টকা লাগে কিনিবলৈ,,, আমাৰ ইমান টকা নাই,,,, দেউতাকৰ কথা শুনি এইবাৰ খুচুৰা জমা কৰা টেকেলিটোকে লৈ আহিল,,,, তাত হেনো বহুতো টকা আছে,,,😃 মুঠতে দীঘল গাৰু লাগে,,,,মই কথা বিষম ফালে গতি কৰা দেখি ,,,,, সেই কেইটা টকা তোমাক পিছত চাইকেল কিনিব লাগিব বুলি তাৰ হাতত টেকেলিটোক অকাল মৃত্যু হোৱাৰ পৰা বচালো।।
এইবাৰৰ প্ৰশ্ন হল আমি কিয় দুখীয়া,,, কি কৰিলে দীঘল গৰু কিনিব পৰা টকা হব আমাৰ,,, 😇😇😇
খংঙো উঠে, বেয়াও লাগে,,,,,, মনত পৰিলে দেউতাৰ (শহুৰদেউতা )বাকচত পুৰণি কপাহ একবস্তা এদিন দেখিছিলোঁ,,,,, পিচদিনা ৰাতিপুৱা সেইসোপা দেউতাৰ অনুমতি লৈ উলিয়াই আনি ৰদত দিলোঁ ,,,দেখিলোঁ গোটেই সোপা মাখা সান্দহ যেন হৈ আছে,,, এইবাৰ মানুহজনক 50 বাৰ মান কৈ কৈ বাহৰে ধনু এখন সাজিলো,,,,,, ভাবিছিলোঁ লেপ তুলি বনোৱা সকলৰ নিছিনা সেইখনেৰে ভুং ভূং কৈ দিলে কপাহবোৰ ফুল উঠিব,,,, 😀😄😄😄😄

ভবা কথা নহল সিদ্ধি মই দিব নাজানিলো তংকাৰৰ ধ্বনি,,, 20/30 মিনিট চেষ্টা কৰাৰ পিছতো একো কামত নহা দেখি,,,,, মানুহজনৰ হাততে টাঙোন এডাল তুলি দি কলো,,,,, আজি 7বছৰে মোৰ ওপৰত আপোনাৰ যিমান খং উঠি আছে আজি এই তুলা সোপাৰ উপৰত কোৱাই দেখাই দিয়ক মোক,, ,,,,,,😁😁😁,


কথা মতে কাম,,,,,ক্ষন্তেক পাছতেই তুলাৰ অৱস্থা দেখিয়ে মোৰ উপৰত অতদিনে উঠি থকা খংঙৰ ভূ পাই গলো,,, কোৱাই কোৱাই এবস্তা তুলা দুবস্তা কৰিলে 😢😇মোৰে কপাল ভাল আছিল হবলা তুলাৰ ঠাইত ভুলতো পিঠিখন যে নাপাতিলো ।।।😇😇

যা হওঁক জাৰি জোকাৰি তুলাবোৰ চাৰ্টৰপিচ এটাট ভৰাই দীঘল গাৰু এটা বনালো,,,, ওপৰত ফুলাম ফ্রকৰ কাপোৰ এটা লগাই আমি যে দুখীয়া নহয়,,,ভগৱানৰ কৃপাত আমাৰো যে দীঘল গৰু আছে তাৰে প্ৰমান কৰি দিলো 😄😄😄😄
ইয়াৰ পিছত মানুহজনৰ হতুৱাই মোবাইলত ফটো 10/15খন মান লৈ মইয়ো খুচ লৰাটোও খুচ😁🙃🙃☺☺



Related Posts

Comments

Please comment
Emotions
Copy and paste emojis inside comment box